Monday 18 November 2013

ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত....

যদি ৰামায়নৰ কাহিনীবোৰ আজিৰ যুগত ঘটিলেহেতেন, তেতিয়াহলে বাতৰিৰ শিৰোনামা হয়তো এনেকুৱা হলহেতেন.......

*ৰজা দশৰথে কৰিলে শ্রবন কুমাৰ হত্যা । ৰাজভবন ঘেৰাওঁ প্রতিবাদী জনতাৰ । দশৰথৰ ৰাজপাত ত্যাগৰ দাবী !

* অযোধ্যাৰ ৰাজপাতক লৈ ৰজা দশৰথ আৰু ৰাণী কৈকেয়ীৰ মাজৰ বিবাদ তুংগত ! দশৰথে দি দিলে ভৰতক ৰাজপাত ৰামক ১৪ বছৰ বনবাস ।

* তাৰকা বধ আৰু শূর্পনশাৰ নাক কান কটাৰ
বিৰোধিতা মহিলা আয়োগৰ । বিক্ষোভ প্রদর্শন অব্যাহত ।

* স্বর্ন মৃগ প্রসংগত সংসদত অচল অবস্থা সৃষ্টি ! অবঃ শেহত শ্রীৰামচন্দ্রলৈনতিচ জাৰি বন বিভাগৰ !

* সীতা হৰণ প্রসংগক লৈ উত্তাল দুই সদন । বিৰোধীৰ সদন ত্যাগ ।
মহিলা আয়োগৰ দেশজোৰি বিৰোধ প্রদর্শন অব্যাহত ।

* সীতা হৰণ প্রতিবাদত কাইলৈ কেইবাটাওঁ সংগঠনৰ অনিষ্টকালীন ভাৰত বন্ধৰ আহ্বান !

* শ্রী ৰামে গঠন কৰিলে হনুমানৰ নেতৃত্বাধীন এক ষ্পেচিয়েশ টিম । দেবী সীতাক বিচৰা অভিযান আৰম্ভ ।

* মৃত্যুৰ আগে আগে জতায়ুৱে শ্রী ৰামচন্দ্রক দিলে সীতা হৰণৰ
প্রকৃত সংবাদ । ৰাবনৰ দ্বাৰা সীতা হৰন ! দেশযুৰি প্রতিবাদৰ ঢৌ ।

* বালি হত্যা প্রসংগত উত্তাল সদন ! শ্রীৰামচন্দ্রলৈসন্দেহৰ আঙুলি । চি. বি. আই. তদন্তৰ দাবী বিৰোধীৰ ।

* শ্রী ৰামচন্দ্রৰ নির্দেশত লংকালৈ উৰা মাৰিলে হনুমান । অশোকবনত সাক্ষাত্ সীতাক !

* শ্রীলংকা চৰকাৰ দ্বাৰা আটক হনুমান ! নেগুৰত লগাই দিলে জুই । নেগুৰত জুই লৈ হনুমানৰ
স্বর্ন লংকা দাহ !

* ভিচা পার্চপর্ট অবিহনে শ্রীলংকাত জবৰদস্তি চলন ফুৰনক লৈ শ্রীলংকান চৰকাৰে উথালে তিব্র আপত্তি ! ভাৰত চৰকাৰলৈ জাননী জাৰি ।

* সাগৰৰ ওপৰত সেতুবান্ধ আৰম্ভ ! তিব্র
বিৰোধিতা শ্রীলংকা চৰকাৰৰ ! ৰাষ্টসংঘৰ ওচৰত উথালে আপত্তি ।

* শ্রীলংকা মহিলা আয়োগৰ সীতা হৰণ প্রসংগত তীব্র বিৰোধিতা ! শির্ঘে সীতাক ৰামচন্দ্রলৈ ঘূৰাই দিয়াৰ নির্দেশ ! অন্যথা তিব্র প্রতিবাদৰ হুংকাৰ ।

* শ্রীলংকা চৰকাৰৰ লগত থকা সকলো ধৰনৰ বৈদেশিক চুক্তি নাকচ ভাৰত চৰকাৰৰ । শ্রীলংকাত অচল অবস্থাৰ সৃষ্টি ! ........................
————————————
ණ Nâvâ Kríshñá DéKá

No comments:

Post a Comment