Saturday 25 August 2012

মুৰ্গী অৱতাৰ

কলিতাই এদিন খাই বৈ ফিটিং হৈ ঘৰলৈ উভতিলে | ইমানেই ফিটিং যে খবৰ নাই একো, চিধাই আহি বিচনাত লাং খাই দিলে |


অলপ পিছত কলিতাৰ আত্মা টো উৰি গৈ স্বৰ্গ পালেগৈ ... কলিতাই দেখে কথা বিষম | যেনে তেনে কাও বাও কৰি মেলি ভগৱানক কাকূতি কৰি আৰু এবাৰৰ বাবে চান্স এটা দিবলৈ সৈমান কৰিলে | ভগৱানে কলিতাক মুৰ্গী বনাই পৃথিৱীলৈ পঠাই দিলে |


কলিতা একদম খুচ... আহিয়েই কণী এটা পাৰিলে; খুব ভাল লাগি গ’ল মনটো | দ্বিতীয় কণীটো পাৰিবলৈ লৈছে হে, তেনেতে মূৰতে কোনোবাই টঙনিয়াই দিলে |



উঠি দেখে- বেলনা মাৰি হাতত লৈ উগ্ৰচণ্ডী কলিতানী:- গেলাসোপা খাই আহিছে তো আহিছেই, এতিয়া টোপনিতে বিচনাতে হাগুও কৰি দিছে... বিপ বিপ বিপ (মানে গালিবোৰ বিপ কৰি দিছোঁ ) বিপ বিপ |

by Changmai#

No comments:

Post a Comment